মূলঃ মেৱাটি ভাষা 

(মেৱাটি ডাইলেক্ত নাগৰি ,হিন্দী লিপিত লিখা হয়)

কবিঃ মৰহুম কমাল (ঊনবিংশ শতিকাৰ মেৱাটি সাহিত্যৰ এজন আদৰণীয় কবি।)

অনুবাদঃ সীমা শ‌ইকীয়া
। 


 

তাই উলাহৰে নাচ ৰছি,
নিলাজ হৈ বিচনা ফুলৰে সিচি দিব। 

অভাগাৰ সকলৰ আসন ৰচি
,দীন দূখীয়াৰ ছাল আচুৰিব । 

খহি পৰিব আশ্চৰ্যকৰ
বিশৃংখলতা। সত্য সত্য কয় কি আচৰিত।। 

ন্যায়ৰ বিচনাৰ বান্ধ
সুলকিব ,নিতৌ শোষণৰ ডেগাৰ ধাৰ কৰিব । 

ধুমুহাৰ প্ৰকোপ প্ৰবল
হব, কথাই কথাই অন্যায় অত্যাচাৰ বাঢ়িব। হাকিমে টানিম মানুহৰ ছাল। 

সত্য সত্য কয় কি
আচৰিত। 

হায় জগতৰ ভদ্ৰতা বিচলিত
হব, মাতৃ পিতৃ লজ্জিত হব। বোৱাৰীয়ে শহুৰক সমীহ নকৰিব, জীয়ৰীয়ে মাকৰ মান নাশ কৰিব
। 

পুত্ৰই পৃতিৰ হালাল
কৰিব, 

সত্য সত্য কয় কি
আচৰিত।।

মাটিক লৈ জমিদাৰৰ টনা
আজোৰা, তাইৰ মাটি সদা বিক্ৰী হব। 

ঘোচ খায়, আনৰ ৰক্ত
পি 

থানাত চলিব অত্যাচাৰ
। 

মানুহৰ দয়া পাতালত
লুকাব  ,

সত্য সত্য কয় কি
আচৰিত।। 

টকা লৈ পিতা পুত্ৰৰ
খোৱা কামোৰা ,শাহু বোৱাৰীৰ কন্দল হব । 

কাপোৰৰ নাটনি নহব,
কিন্তু জগতত উলঙগ হৈ ফুৰিব । নাট, সাজোন কাচোন, লাশ্যময়ীতাত ।

সত্য সত্য কয় কি আচৰিত ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *