বিজ্ঞানত মই দহ পাইছোঁ

কবিঃ প্ৰণৱ ঘোষ 
অনুবাদঃ ৰুমা অধিকাৰী 




বিজ্ঞানত মই দহ পাইছোঁ,
মাথো দহ
প্ৰশ্নবোৰ টান নাছিল,
উত্তৰবোৰো জনা
ভাগ্য মোৰ প্ৰসন্ন নাছিলগৈ পাওঁতেই হল পলম৷
নহলে মই জানো বিজ্ঞানত ফেল কৰা ছাত্ৰী!
পুৱাৰ পৰাই নানানটা অঘটন
ব্ৰেকফাষ্টত গোট কণী,
ৰান্ধনীজনীয়ে নিয়মবোৰ নাজানে
অমলেট কৰি দিলে কথা নাছিল,
বিঘিনি হৈ গলহেতেন
লেটাৰ মাৰ্কস পোৱাটো খাটাং আছিল৷
কিন্ত ভাগ্যই বেয়া গৈ পাওঁতেই অত্যধিক পলম হ
ঘৰৰ পৰা যাত্ৰা কৰিবলৈ লওঁতেই
ককাই হাঁচিয়ালে – হা চ্ছি ই…
আইতা তিকছি-বিকছি উঠিল ,
মাক কলে … অ’ বোৱাৰী হাঁচিয়ালেএতিয়াই নাযায় যেন টুনী !
টিক্‌ টিক্‌ টিক্‌ হেন সময়তে৷
মায়ে কলে – 
অ অ অ

সেয়ে ৰব লগা হল শুভ ক্ষণলৈ
হাঁচিৰ বিপদ শাম কাটিলে;
কিন্তু ভৰি পৰিল চৌকাঠত!
আকৌ বাধা টুনী অলপ ৰৈ যা ৷
কঁপালত দৈৰ ফোঁট,
হাতত বিপদ নাশিনীৰ কৱচ;
কঁকালত বান্ধিছোঁ বৃহৎ মাদুলী
তথাপিও বিপদৰ উপৰি বিপদ!
এইবাৰ অতি সাৱধানে দুৱাৰ পাৰ হবলৈ ধৰোঁতেই
কণমানি ভন্টীজনীয়ে চিঞৰিলে_
বা বা চোৱাচোন চোৱা সৌজনী চৰাই!
কেনেনো ধুনীয়া হালধীয়া ঠোঁটটো,ৰঙচুৱা চকু আৰু বাদামী ৰঙৰ পাখীবোৰ !
মই চালোঁ – হায় হায় সেইটো এটা শালিকী !
ৰিক্সাৱালাই বেল বজাইয়ে আছে
কিন্তু যাওঁ কেনেকৈ?
বেজুৰীয়া শালিকীক জুৰীয়া কৰিবলৈ
ঘৰৰ গোটেইবোৰে বিচাৰি আছে শালিকী ৷
শালিকীৰ জোৰ হল৷
ৰিক্সা চলিল বেগেৰে
কিন্তু তাতো বিঘিনি
হঠাৎ ব্ৰেক
আগেৰে পাৰ হল এটা কলা মেকুৰী !!
পলম হলেও স্কুল পালোঁগৈ
ভেটাভেটি হল বিজ্ঞানৰ বাইদেউৰ সতে
পলমৰ কাৰণ কলোঁ ভাঙি
শুনি খঙত জকজকাই উঠিল
বিজ্ঞানৰ ছাত্ৰী হৈ তোমাৰ এনে
কু-সংস্কাৰ
?
মুক্তমনৰ বাইদেউৱে ধমক চমক দি
বহিবলৈ দিলে
প্ৰশ্নকাকত দিলেবহীও দিলে
হঠাতে বাইদেউৰ হাতলৈ চালোঁ
প্ৰৱাল ,
মুকুতা, ৰত্নেৰে সজ্জিত
বাইদেউৰ হাতৰ আঙুলি!
বিজ্ঞানত মই দহ পাইছোঁ,
মাথো দহ
মোৰ দোষ কত কোৱা?

Leave a Reply

Your email address will not be published. Required fields are marked *