প্ৰথমতে তেওঁলোকে সুধিছিল

মূল : FIRST THEY CAME
কবি : PASTOR MARTIN NIEMOLLER (Friedrich Gustav Emil Martin
Niem
öller)

সমীয়া ভাঙনি : কিশোৰ দাস

 

প্ৰথমতে তেওঁলোকে সুধিছিল কমিউনিষ্ট সকলৰ কথা
আৰু মই একো কোৱা নাছিলো
কিয়নো মই কমিউনিষ্ট নাছিলো

তাৰ পিছত তেওঁলোকে সুধিছিল সমাজবাদী সকলৰ কথা
আৰু মই একো কোৱা নাছিলো
কিয়নো মই সমাজবাদী নাছিলো

তাৰ পিছত তেওঁলোকে সুধিছিল মজদুৰ সন্থাৰ কথা
আৰু মই একো কোৱা নাছিলো
কিয়নো মই মজদুৰ নাছিলো

তাৰ পিছত তেওঁলোকে সুধিছিল ইহুদী সকলৰ কথা
আৰু মই একো কোৱা নাছিলো
কিয়নো মই ইহুদী নাছিলো

তাৰ পিছত তেওঁলোকে সুধিছিল মোৰ কথা
আৰু তেতিয়া কোনো নাছিল তাত
মোৰ হকে মাত মাতিবলৈ।

টোকা: এতিয়ালৈকে ইংৰাজীত কেইবাটাও ৰূপত
প্ৰকাশিত “
FIRST THEY CAME” কবিতাটো
জাৰ্মান কবি
PASTOR MARTIN NIEMOLLER ৰ এটা বলিষ্ঠ
কবিতা। নাজীবাদৰ উত্থানত জাৰ্মান বুদ্ধিজীৱিসকলে কৰা পক্ষপাতিত্বৰ কথাকেই ইয়াত
ব্যংগ কৰা হৈছে । 

 

Leave a Reply

Your email address will not be published. Required fields are marked *