পশ্চা চিত্ৰ (Afterimage)
মূল: অদ্ৰে লৰ্ড
অনুবাদ: অভিষেক কুমাৰ শৰ্মা

audre lorde

                           (১)
অথচ ছবিবোৰ প্ৰৱেশ কৰি ৰৈ যায় মোৰ দুচকুত
যেন শিলাময় গুহা য’ৰ পৰা উদ্ভৱ হয় দৈত্যকায় মাছবোৰ
জীৱনৰ বাবে উদ্যত, অক্লান্ত আৰু লালায়িত
কোনো খাদ্যৰ অবিহনে গাইছে জীয়াই থকাৰ গান
মোৰ দুচকু ক্ষুধাতুৰ আৰু স্মৰণশীল
অথচ ছবিবোৰ প্ৰৱেশ কৰি ৰৈ যায় মোৰ দুচকুত
দূৰৈত এজনী শ্বেতাংগ গাভৰু
ৰিক্ত আৰু পৰিত্যক্ত
একোটা পাশৱিক অধ্যায়লৈ পৰিণত হোৱা এজন কৃষ্ণাংগ
বাৰেপতি খু- দুৱনিত মোৰ দৃষ্টি
যেন দৈত্যকায় মাছবোৰ বুজি উঠে
জীয়াই থাকিবলৈ খা যাব লাগিব
মোৰ বেদনাত নিমজ্জিত এই ছবিবোৰ

                 (২)
পাৰ্ল নদীৰ বাঢ়নী পানীত আবৃত জেকচনৰ পথ উপপথ
টি ভি পৰ্দাত মিছিছিপিৰ গ্ৰীষ্মৰ বতৰা
নিঃসহায় পঁজাবোৰ আঁঠু কাঢ়ি ৰয় প্ৰবল বৰষুণত
নাৰ অপেক্ষাত
এজনী শ্বেতাংগ যুৱতী
আঙুলিবোৰ গুজি থৈছে ছালৰ সিপাৰে
মলিয়ন আৰু অকালবৃদ্ধ
যেন দুঃস্বপ্নৰ
বৃষ্টিত তিতি থকা এখন পশ্চাত চিত্ৰত
মাইক্ৰফোনত প্ৰক্ষেপিত হৈছে তাইৰ অসাঠন ভাষা
কালি আহিছিলোঁহে সিপাৰৰপৰা
কৰ সোধাবলৈ
যি হল হৈ গ’ল ,
কাহানিও ভবা নাছিলোঁ যে ইমান নির্মম হ’ব
হতাশাৰ গধুৰ কথাবোৰ গেদ পৰি ৰৈছে পাৰ্ল নদীৰ দুয়োপাৰে
শেতা পৰা দুচকু উত্তৰবিহীন কেমেৰাৰ চক্ৰবেহুত
তেনেতে এক সুঠাম যুৱকৰ আবিৰ্ভা
তেখেতৰ আৰু ক’বলৈ একো নাই ”
যেন এক নিস্তেজ মাংসপিণ্ডৰদৰে
ওলমি ৰৈ গল ৰাশি ৰাশি মিথ্যা

             (৩)
ময়ো আয়ত্ত কৰিছিলো
জেকচন কিম্বা মিছিছিপি
চেতনাৰ গৰিষ্ঠতাত
উত্তোলিত এম্মেট টিল
আৰু তাৰ নিপোটল দুগালত
পোন্ধৰ বছৰৰ জখমবোৰ
মিছিছিপিত তাৰ একমাত্ৰ গ্ৰীষ্মৰ বতৰ
সুহুৰিয়াই মতা এজন
তৰুণ
চিৰদিনৰ বাবে শৰণাপন্ন হয়
পাৰ্ল নদীৰ লেলিহান জলৰাশিত
মোৰ একৈশ বছৰীয়া পশ্চাত চিত্ৰত
তাৰ ক্ষতবিক্ষত দেহটো
যেতিয়া চলাথ কৰোঁ মিছিছিপিৰ সেই পাৰ
স্তব্ধ হৈ পৰে দৃষ্টিপাত
বাতৰিকাকতৰ ফটোবোৰ
পুলিচৰ জেৰা, সঁচামিছাৰ দ্বন্দ্ব
দৃঢ় তথা স্পষ্ট একো একোটা তথ্য
কৰঙনৰ জ্বলন্ত দাগৰ দৈৰ্ঘ্য
অক্ষিগহ্বৰৰ উদং কোঠাত জীৱনতকৈ তীব্ৰ অৰ্তনাদ
চৌদিশে নিভৃত সকিনী , গোপন সন্ধালনী
এজন কৃষ্ণাংগ কিশোৰৰ খণ্ডিত যৌৱন
আক্ৰোশৰ নির্মম আঁচোৰ
যেতিয়াই চাও সেই দিনবোৰ
দ্ধ হৈ ৰও
তেজৰ আখৰ লিখি
ধ্বংসৰ বেদীত পৰি ৰয় এটা কৃষ্ণাংগ শৰীৰ
নিষ্পেষিত…….. বৰ্জিত
যেন এক ধৰ্ষিতাৰ কাৰুণ্য
মিছিছিপিৰ পাৰত সুহুৰিয়াই যোৱা চিকাগোৰ এজন কৃষ্ণাংগই
ডাৰে ডাৰে উদঙাই দিয়ে মানতাৰ অন্যতম পাঠ
পাৰ্ল নদীত সংপৃক্ত তেজ মঙহৰ ৰসায়ন
শ্বেতাংগ নাৰীবাদৰ নামত আজুৰি অনা তাৰ জাগ্ৰত অভিমান
বেশ্যাঘৰত প্ৰমাণিত হয় শ্বেতাংগৰ দুৰ্বিসহ মানৱতা

              (৪)
যদি মাটি, বায়ু, পানীয়েই কেৰেপ নকৰে
আমিনো কোন নাকচ কৰিবলৈ পাওঁ ৰুটিৰ কঠিন টুকুৰা”
এম্মেট টিল বাটকুৰি বাই পাৰ্লৰ পাৰত
চৌব্বিছ বছৰীয়া তাৰ যৌৱন পৰি ৰয় এলাগী
যেন এজনী ধৰ্ষিতাৰ কাকুতি
গৰ্হিত অভিমানত ঢাপ দুঢাপকৈ পৈণত
হয় শ্বেতাংগ তৰুণী
(তাই পৰিশোধ কি কৰিলে ইয়াৰ পৰিণাম নেজনিবলৈ ?)
এতিয়া পাৰ্লৰ দুপাৰত কেৱল গেদীয় বিবেচনা
যাতে মই বহন কৰি ৰও মোৰ বেদনা আৰু পাওৰুটিৰ টুকুৰা
নির্মম, কিন্তু ইমানো নহয় ”
হতাশাত নগ্ন তাইৰ প্ৰস্তৰ চেহেৰা
প্ৰাচীন বেদনা কঢ়িয়াই
এজনী মহিলাই খেপিয়াই ফুৰে ভৱিষ্যতৰ অনিশ্চয়তা
ঠিক যেতিয়া এজনী শ্বেতাংগ অশুচি হৈছিল এম্মেটৰ সুহুৰিত
তাইৰ জিভাই নাকচ কৰিল সকলো উক্তি
শক্তি বা সহানুভতিৰ
অভিমানৰ প্ৰাচীৰ সাজি তাই থৰ হৈ ৰয়
আৰু এক পৌৰসিক পাশবিক হাতে তাইক উদ্ধাৰ কৰে
মোৰ দুচকুত দুদোল্যমান
দুঃস্বপ্নত তিতি থকা পশ্চাত চিত্ৰবোৰ
এজনী মহিলাৰ কঁপি থকা আঙুলিত
শোকৰ নিছিগা আৱৰণ
মই চলাথ কৰোঁ মিছিছিপিৰ সেই জলৰাশি
তাইৰ আৰু মোৰ দৃষ্টিত প্ৰতাৰিত
উদ্ভৱ হোৱা একো একোটা দৈত্যকায় মাছ
আমি জীয়াই থাকো নিৰ্যাতিত বুকুত
তেজৰ মলিন তৰপ সানি
এজনী মহিলাই জুখি যায় জীৱনজোৰা ক্ষতিসাধন
মোৰ চকু দুটা একো একোটা গুহা
কৃষ্ণাংগ মঙহেৰে খোদিত আছে প্ৰস্তৰ চিত্ৰ
সুহুৰিয়াই থকা …..
উচুপি থকা …….
নিজানত উচুপি উঠে এগৰাকী অসহায় মহিলা
অনুবাদকৰ টোকা : অদ্ৰে লৰ্ডৰ কবিতা Afterimage কৃষ্ণাংগ
সকলৰ ওপৰত হোৱা নিৰ্যতনৰ এক কৰুণ দলিল
উক্ত কবিতাটোৰ
পটভূমি হৈছে ১৯৫৫ চনত মিছিছিপি নদীৰ পাৰত হোৱা এক হত্যাকাণ্ড
এজনী শ্বেতাংগ যুৱতীক সুহুৰি মৰাৰ
অভিযোগত এমেট টিল নামৰ কৃষ্ণাংগ যুৱক এজনক খুব নিৰ্মম ভাৱে হত্যা কৰি পাৰ্ল নদীত পেলাই
দিয়া হৈছিল

Leave a Reply

Your email address will not be published. Required fields are marked *