নিথৰ শীতলতা

 

মূল: তসলিমা নাসৰিন

অসমীয়া
ভাঙনি: মুনমুন সৰকাৰ শইকীয়া

 

কোন যে কত টুপুককৈ সৰি পৰিছে,

হাতভৰি লৰফৰ কৰা নাই, চোৱা নাই কাৰোপিনে

মাত মতা নাই,শুনা নাই–

 

কাৰ আছুতীয়া ড্ৰয়াৰত আছিল

বেংকৰ জমাবহী, পুৰণা প্ৰেমৰ চিঠি ,

কণ্ঠহাৰ আছিল, আছিল বৰাদ্দ মাটিৰ নক্সা,

আৰু খুব সন্তৰ্পণে সজাই থোৱা আছিল নেপথালিনৰ তলত জাপি কুচি থোৱা একোঠালী ঘৰৰ সপোন
এটা

 

সকলো সুখ দুখ, ফল লগা আটাইবোৰ বৃক্ষ
এৰি থৈ কোন যে ক
ত মৰি আছে,

কথা কোৱা নাই, হাঁহি এটা মৰা নাই

খোজকাঢ়ি পাৰ হোৱা নাই পথাৰ, ৰাস্তা ঘাট, মানুহৰ ভিৰত।

 

আমিও বৰকৈ পাত্তা দিয়া নাই এনে ঘটনাক– কাৰণ

আমাৰ তেজৰ কণিকাত

আমাৰ হাড়ৰ ভিতৰত,

যকৃতৰ কাষত

আমাৰেই হৃদপিণ্ডৰ দেৱালত

এক হিংস্ৰ সৰীসৃপে চোপ লৈ আছে হঠাৎ খুটিবলৈ।

আজি যেনিবা  খোটা নাই , কাইলৈতো খুটিব!

 

কাব্যগ্রন্থ

বালিকার গোল্লাছুট

Leave a Reply

Your email address will not be published. Required fields are marked *