ধীৰ গতিৰ নাচোন
মূল  ঃ ডেভিড এল. ৱেডাৰফৰ্ড (David
L. Weatherford)
অসমীয়া ভাঙনি ঃ অৱনী
বুঢ়াগোহাঁই

মেৰী-গ‘- ৰাউণ্ডত ঘূৰি থকা
শিশুহঁতক কৰিছানে কেতিয়াবা মন
?
শুনিছানে কেতিয়াবা টুপ-টাপ মাটিত পৰাৰ শব্দ, মেঘৰ জলীয় বৰ্ষণ?
খেদিছানে কেতিয়াবা ৰঙ বিৰঙৰ পখিলাৰ একা বেঁকা গতি?
দিছানে আন্ধাৰ-নিহালি-লোৱা-নিশাৰ মাজেৰে সুৰুযলৈ শেষ মুগ্ধ
দৃষ্টি
?

তু
মি বৰং কিছুপৰ ৰোৱা
কিমান নাচিবা আৰু দ্ৰুত লয়ত?
সময়বোৰ আমাৰ বৰ কম,
সংগীতো নাথাকিব সকলো সময়ত।
প্ৰতিদিনে তুমি পাখি মাৰি এনেদৰে উৰি থাকা
যেতিয়া তুমি অন্যক সোধা, “কি খবৰ”……
(
তুমি তেওঁৰ উত্তৰৰ বাবে বাট চোৱানে বাৰু?
যেতিয়া নিশা নামে, শুই পৰানে
শান্তিৰ গাৰুত
?)
নে মূৰত এশ এটা কথাৰ ধোঁৱাভৰা নৌবহৰ?
তুমি বৰং কিছুপৰ ৰোৱা……
কিমান নাচিবা আৰু দ্ৰুত লয়ত?
সময়বোৰ আমাৰ বৰ কম,
সংগীতো নাথাকিব সকলো সময়ত।
তোমাৰ পোনাটোক কৈছানে
কাইলৈ কৰি দিম বুলি বাকী থকাখিনি?
কিন্তু ব্যস্ততাৰ কোবত নেদেখিলা
তাৰ কান্দোন উপচা মুখখনি।
কেতিয়াবা তুমি হাত এৰি দিয়াৰ বাবেই
কাৰোবাৰ সতে সম্পৰ্ক ভাগিছিগি গ
কাৰণ তেওঁৰ বাবে তোমাৰ সময় নহ
কেৱল দুটিমান শব্দ উচ্চাৰণ কৰাৰ :
কেনে আছা, মই ভালে আছো
দেই
…”
তুমি বৰং কিছুপৰ ৰোৱা
কিমান নাচিবা আৰু দ্ৰুত লয়ত
সময়বোৰ আমাৰ বৰ কম
সংগীতো নাথাকিব সকলো সময়ত।
কিবা পোৱাৰ আশাত যেতিয়া তুমি দৌৰা
গৈ পোৱাৰ আনন্দৰ আধাখিনি হেৰুওৱা
দিনটোৰ দৌৰত আৰু চিন্তাত ব্যতিব্যস্ত হৈ
নোখোলা উপহাৰটোক তুমি পিটনিত পেলোৱাগৈ
জীৱন মাত্ৰ দৌৰেই নহয়
লাহে লাহেও যাবলৈও শিকিবা
কাণ দিবা গীতৰ সুৰৰ মূৰ্চ্ছনাত
গীতটো শেষ হোৱাৰ আগতে মাথোঁ এবাৰ শুনিবা!!


Leave a Reply

Your email address will not be published. Required fields are marked *