তুমি যদি মোক পাহৰি পেলোৱা

মূলঃ পাবলো নেৰুডা
অনুবাদঃ বিপুল বৰুৱা

এটি কথা তুমি
জনাটো বিচাৰোঁ মই
এইয়া কেনেকৈ তুমি জানা

লেহেমীয়া শৰতৰ ৰঙাপৰা ডালটি পৰশা
যদি মই ফটিক জোনটিলৈ চাওঁ
আৰু চুই চাওঁ জুইৰ কাষৰ খিৰিকী
বা মলচিবৰ অসাইধ ফুটছাই গাল
বা শোতোৰাপৰা খৰি এচটাৰ গা
প্ৰত্যেকেই যেন মোক তোমাৰ কাষলৈকে
লৈ যায় ভাৰ বৈ ৷

যেন স্থিতমান প্ৰতি পদ বস্তু যেনে
সুগন্ধি পোহৰ ধাতু আদি
মোলৈ বাটচাই ৰোৱা তোমাৰ দ্বীপপুঞ্জগামী
কণ কণ একোখনি পালতৰা নাও !

ঠিক আছে
এতিয়া যদিহে তুমি মোক অলপ অচৰপ
ভালপাবলৈ এৰা
ময়ো অলপ অচৰপ তোমাক ভালপাবলৈ
এৰিম আকচাবা
যদি তুমি হঠাতে মোক পাহৰি পেলোৱা
তেনে মোৰ খবৰ নলবা
কাৰণ ময়োতো তোমাক পাহৰিমেই দিয়া !

মোৰ জীৱনটো অতিক্ৰমি যোৱা
সেই পাল কঁপোৱা বতাহচাটি
যদি তোমাৰ লাগে লেমলেমীয়া মতলীয়া
আৰু যদি থেকেঁচা মাৰি তুমি মোক
হৃদয়ৰ উপকুলৰ বালিত এৰি যোৱা
ত আটুট
মোৰ শিপা

মনত ৰাখিবা
সেইদিনা সেইবেলা মই দুবাহু প্ৰসাৰি
মোৰেই শিপা আঁজুৰি
বিচাৰিম আন মাটিৰ মায়া ৷

কিন্তু প্ৰতিনিয়ত প্ৰতিপল তুমি উপলব্ধি কৰিবা
তোমাৰ পাথেয় আছিলোঁ মই মাথোঁ মই
বুজাব নোৱৰা মাধুৰিমাৰে
যদি প্ৰতিনিতে এপাহ ফুলে
তোমাৰ দুওঁঠত গমে মোক
মোৰ
মৰম

মোৰ
আপোনজন

সেই জুইকুৰাই পুনৰাই দহে মোক

নাই একোৱেই নুমুওৱা নাই
নাই একোৱেই পাহৰা নাই
মোৰ ভালপোৱাৰ হাঁহ তোমাৰ ভালপোৱাৰ
পুখুৰীতহে চৰে অচেনাই
জীয়াই থাকা মানে তোমাৰ দুবাহুতে
থাকে থাকক ইটি
মোৰো দুহাত নাঁতৰাই ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *