ডেফডিল ফুল (The Daffodils)
মূল : উইলিয়াম ৱৰ্ডচৱৰ্থ
অনু : লীলা বৰগোহাঁই
Wordsworth



পৰ্বতৰ ভৈয়ামৰ ওপৰে ওপৰে

ভাহি ফুৰা এটুকুৰা ডাৱৰৰ দৰে
লক্ষ্যহীন ভাবে মই ফুৰিছিলো অনাই বনাই
নিৰ্জন বননিত অকলে অকলে……
হঠাতে দেখিলো মই চকুৰ আগত
হালি জালি নাচি নাচি জুৰ বতাহত
ফুলি আছে উলাহত হেজাৰ বিজাৰ
সোণোৱালী ডেফডিল বিলৰ পাৰত
হাতীপটি শোভি থকা জিকমিক তৰাৰ নিচিনা
শাৰী পাতি আছে ফুলি বিলৰ কাষত
উলাহত হালি জালি দুপিয়াই থকা
হেজাৰ বিজাৰ সেই ডেফডিল ফুল-
দেখা পালোঁ যেন মই এটি পলকত
ঢৌবোৰে নাচিছিল চিকমিক কৰি,
তথাপি দেখোন, উলাহত, নাচোনত, মনৰ ৰঙত
সিহঁতেও সেইদিনা হাৰ মানিছিল,
সেই কণ কণ সোণোৱালী ফুলৰ কাষত
এনেহেন ৰঙিয়াল লগৰীয়া থাকিলে লগত,
এজন কবিয়ে বাৰু পাৰে জানো মন মাৰি ৰ?
মই মাথোঁ চাই ৰলোঁ, ৰ লাগি চায়েই থাকিলো
কিন্তু সেই মনোমোহা ধুনীয়া ছবিয়ে-
কি ধন দি গল বুজিকে নাপালো
শূন্য নতু ভাৰাক্ৰান্ত মন এটি লৈ
যেতিয়াই পৰি ৰওঁ শেতেলিত মই,
তেতিয়াই চোন মোৰ মানস পটত
ভাহি উঠে সেই ছবি অপূৰ্ব সুন্দৰ,
আশীষ নিৰ্মালি যিটো মাথোঁ নিৰ্জনৰ
খন্তেকতে মনে মোৰ গীত গাই উলাহৰ
নাচি উঠে লগে লগে সোণালী ফুলৰ
উৎস – অনুবাদ, প্ৰথম বছৰ তৃতীয় সংখ্যা,জুন-জুলাই 1993 ত প্ৰকাশিত
সংগ্ৰাহক – বিভূতি গগৈ ।

Leave a Reply

Your email address will not be published. Required fields are marked *