জন্ম কিয় দিছিলা

মূল ঃ হৰিবংশ ৰায় বচ্চন

অসমীয়া ভাঙনি ঃ তনুশ্ৰী দাস

 

Harivansh Rai Bachchan

 

জীৱন আৰু সমাজৰ

নগ্ন চকুৰে ঢুকি নোপোৱা খৰিয়ালখনক ভয়
কৰি

মোৰ পুত্ৰই মোক সোধে-

আমাক জন্ম কিয় দিছিলা?”

 

আৰু মোৰ দেউতাই

মোৰ বিনা অনুমতিত মোক কিয় জন্ম দিছিল

এই একমাত্ৰ প্ৰশ্নৰ এই একমাত্ৰ উত্তৰৰ
বাহিৰে
মোৰ ওচৰত

আন একোৱেই উত্তৰ নাছিল।

 

মোৰ দেউতাৰ বিনা অনুমতিত মোৰ ককাই তেওঁক
আৰু মোৰ ককাৰ বিনা অনুমতিত

আজো ককাই মোৰ ককাক

কিয় জন্ম দিছিল?

 

জীৱন আৰু সমাজৰ নেদেখা খৰিয়ালখন

তেতিয়াও আছিল, এতিয়াও আছে

ছাগে আগৰ তুলনাত বহু বেছি,এতিয়াতকৈ আৰু বেছি,

কালিলৈও থাকিব।

 

তুমিয়েই নতুনকৈ লিখি থবা

তোমাৰ পুত্ৰৰ অনুমতিত

তুমি সিহঁতক জন্ম দিবা।

 

Leave a Reply

Your email address will not be published. Required fields are marked *