কিয় নিলিখো জর্জ ফ্লয়ডৰ কথা (Why I don’t write about George Floyd)
মূলঃ টই ডেৰিকট্টে (Toi Derricotte)
অসমীয়া ভাঙনিঃ ধ্ৰুৱ শইকীয়া

           Toi Derricotte

কাৰণ কব লগা বহুত কথা আছে
কাৰণ কবলৈ একো নাই মোৰ
কাৰণ মই নাজানো কিনো ক
কাৰণ সকলো কথা দেখোন কোৱা হলেই
কাৰণ কবলৈ যোৱাটো
বেদনাদায়ক ভীষণ
মই নো কি কব পাৰো, কি কব পাৰো মই
কিবা এটা ডিঙিত সোপা মাৰি ধৰে
কিবা এটা আপেলৰ নিচিনা
কিবা এটা লাগি ধৰিছে চুৰী এখনৰ দৰে
কিবা এটা ফুলি উঠিছে যেন এটা ভৰি
কিবা এটা ফুলি উঠিছে যেন গোটেই দেহাটো

Leave a Reply

Your email address will not be published. Required fields are marked *