এটি_সাক্ষাৎ

মূল (হিন্দী): অমৃতা প্ৰীতম

অনুবাদ: প্ৰাঞ্জল কুমাৰ লাহন


মই নিশ্চুপ, শান্তি আৰু স্থিৰেৰে
থিয় হৈ আছিলোঁ

মাথোঁ কাষেৰে বৈ যােৱা সমুদ্ৰত
ধুমুহা আছিল

কিন্তু সমুদ্ৰক

ঈশ্বৰেহে জানে কি ভাৱ আহিল

ধুমুহাৰ এটি পুতলা সাজি

মোৰ হাতত তুলি দিলে

আৰু হাঁহি কিছু দূৰ গুচি গ

আচৰিত হৈছোঁ

কিন্তু তেওঁৰ আশ্বৰ্যখিনি লৈ ললোঁ

জানিছিলোঁ এই ধৰণৰ ঘটনা

কোনোবা যুগতেহে হয়

লাখ প্ৰশ্নই আহি

মস্তিস্কত তিৰবিৰালে

মাথো থিয় হৈ ৰলো, ইয়াক উঠাই লৈ

এতিয়া মোৰ চহৰলৈ মই কেনেকৈ যাওঁ

মোৰ চহৰৰ প্ৰতিটো গলিয়েই ঠেক

মোৰ চহৰৰ প্ৰতিখন চালেই উৰুখা

মোৰ চহৰৰ প্ৰতিখন দেৱালেই বদনামী

ভাবিছোঁ যদি তোমাক কৰবাত পাওঁ

তেন্তে সমুদ্ৰৰ দৰে ইয়াক বুকুত
ৰাখি

আমি দুয়ো পাৰৰ দৰে হাঁহিব
পাৰিলোঁহেঁতেন !

আৰু তলৰ সৰু ঠেক গলিবোৰৰ

চহৰত থাকিব পাৰিলোঁহেঁতেন !

কিন্তু গোটেই দুপৰীয়াটো

মই তোমাক বিচাৰি থাকিলোঁ

আৰু নিজেই নিজৰ চকুৰ পানী পি ললোঁ

মই অকলশৰীয়া পাৰ

পাৰকে খহাই দিলোঁ

আৰু যেতিয়া দিনে মেলানি মাগিবৰ
সময় হ

সমুদ্ৰৰ ধুমুহা

সমুদ্ৰকে ঘূৰাই দিলোঁ

এতিয়া ৰাতিয়ে ঘেৰি ধৰাত তোমাক
পালোঁ

তুমিও উদাস, নিশ্চুপ আৰু
স্থিৰ

মইও উদাস, নিশ্চুপ আৰু
স্থিৰ

মাথোঁ দূৰৈত বৈ থকা সমুদ্ৰত ধুমুহা
আছে ৷

—————————————————

কবি পৰিচিতিঃ  হিন্দী আৰু পাঞ্জাৱী সাহিত্যৰ এগৰাকী
প্ৰথিতযশা ঔপন্যাসিক
, কবি অমৃতা প্ৰীতমৰ
জন্ম হয়- ১৯১৯ চনৰ ৩১ আগষ্টত গুৰুঞ্জনৱালা
, পাঞ্জাৱ, ব্ৰিটিছ ইণ্ডিয়া (বর্তমান পাকিস্তান) আৰু মৃত্যু হয়- ২০০৫
চনৰ ৩১ অক্টোবৰত দিল্লীত৷ তেখেতৰ উল্লেখযোগ্য গ্ৰন্থৰাজি –
পিঞ্জৰ‘ (উপন্যাস), ‘আজ আখৌ ৱাৰিছ সুখ নু‘ (কবিতা), ‘চানেৰী‘ (কবিতা)৷ তেখেতে
নাৰী
, সপোন
আৰু ভাৰত-পাকিস্তানৰ বিভাজনৰ সময়ৰ বিষয় ৰূপে লৈ ৰমন্যাসিক আৰু প্ৰগতিশীল চিন্তা
চেতনাৰে বহু উল্লেখযোগ্য সৃষ্টিৰাজি আগবঢ়াইছে৷ তেখেতে ১৯৫৬ চনত সাহিত্য অকাডেমী
, ১৯৬৯ চনত পদ্মশী, ১৯৮২ চনত
ভাৰতীয় জনপীঠ
, ২০০০
চনত শতাব্দী সন্মান আৰু ২০০৪ চনত পদ্মবিভূষণ বঁটাৰে সন্মানীত হয়৷)

 

Leave a Reply

Your email address will not be published. Required fields are marked *