আফ্ৰিকা


মূলঃ ডেভিড ডিঅ

অসমীয়া ভাঙনিঃ খগেশ সেন
ডেকা


আফ্ৰিকা মোৰ আফ্ৰিকা
পৈত্ৰিক ছাভানাৰ গৰ্বিত যোদ্ধাৰ আফ্ৰিকা
আফ্ৰিকা যাৰ গীত মোৰ আইতাই গুণগুণায়
দূৰণিৰ নদীৰ তীৰত
মই তোমাক কোনোকালেও নিচিনিলো
অথচ মোৰ শিৰাই শিৰাই প্ৰৱাহিত তোমাৰেই তেজ
তোমাৰ মনোমোহা কলা তেজ শইচৰ
পথাৰত যি পানীৰ যোগান ধৰে

তোমাৰ ঘামৰ তেজ
তোমাৰ শ্ৰমৰ ঘাম
তোমাৰ দাসত্বৰ শ্ৰম
তোমাৰ শিশুহঁতৰ দাসত্ব
আফ্ৰিকা কোৱা মোক আফ্ৰিকা

কুঁজা হৈ যোৱা পিঠিৰে এয়া তুমিয়েই নে
অৱমাননাৰ গধুৰ বোজাৰ ভৰত ভাগি পৰা পিঠি
ৰঙা ৰঙা দাগেৰে ভৰা পিঠি
ভৰ দুপৰীয়া প্ৰখৰ ৰদত কাৰোবাৰ
চাবুকৰ কোবত যি হয়ভৰ দিয়ে

কিন্তু এক সুগভীৰ কণ্ঠই মোক উত্তৰ দিয়ে
অধৈৰ্য পুত্ৰ সেইজোপা গছ তৰুণ আৰু শক্তিমন্ত
সেইজোপা গছ তাতেই আছে
নিঃসংগতাক বুকুত সাৱটি শুভ্ৰ আৰু মৰহা ফুলৰ মাজত মহীয়ান হৈ
সেয়াই আফ্ৰিকা তোমাৰ আফ্ৰিকা
সি পুনৰ অংকুৰিত হৈছে দৃঢ়তাৰে কাঠিন্যেৰে
আৰু ইয়াৰ ফলবোৰে ক্ৰমশঃ আহৰণ কৰিছে
স্বাধীনতা সংগ্ৰামৰ তিক্ত স্বাদ৷

উৎস গ্ৰন্থ: The Penguin Book of Socialist Verse, ed. by Alan Bold.

 

কবি
পৰিচিতিঃ
 ডেভিড
ডিঅ
পৰ জন্ম হৈছিল
১৯২৭ চনত
পশ্চিম
আফ্ৰিকাৰ ব
ৰডিউক্সত৷
এইজনা কবিৰ পূৰ্বপুৰুষৰ ঘৰ আছিল ফ্ৰান্সত৷ জীৱন জুৰি ভগ্ন স্বাস্থ্যই জুৰুলা কৰা
কবি ডেভিড ডিঅ
পৰ
১৯৬০ চনত ডাকাৰৰ ওচৰত ঘটা এক বিমান দুৰ্ঘটনাত দেহান্তৰ ঘটে৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *