আটলান্টিচ – এটি হেৰোৱা কবিতা

মূল : ইভান বোলেন্দ
অসমীয়া ভাঙনি : যশোৱন্ত নিপুণ

Eavan


কেনেকৈ বাৰু এইটো সংঘটিত হৈছিল,
মই প্ৰায়েই চিন্তা কৰিছিলোঁ যে
সম্পূৰ্ণ মহানগৰ এখন – অট্টালিকা,
সুদৃশ্য তোৰণ,
কাৰুকাৰ্য্য খচিত স্তম্ভৰ শাৰী
আৰু
জন্তু আৰু বাহনবোৰ কথা নকলোৱেইবা – এই সকলোবোৰেই
কোনোবা এটা সুন্দৰ দিনত সাগৰৰ গভীৰত জাহ
গৈছিল
?
মই ভাবিছিলোঁ,
মই আচলতে নিজকে কৈছিলোঁ,
পৃথিৱীখন তেতিয়া সৰু আছিল৷
এখন বিখ্যাত মহানগৰ নিশ্চয় হেৰুওৱাইছিল
সকলোৱে
?
মই আমাৰ পুৰণি চহৰখনৰ বিচ্ছেদ অনুভৱ কৰোঁ
বগা জালুক, বগা পুডিং, তুমি আৰু মই দিগন্তৰ আকাশ
আৰু ধেনুভিৰীয়া খিৰকিৰ তলত লগ
ধৰি ঘৰলৈ যোৱা ৷ হয়তো আচল
ঘটনাটো এনে ধৰণৰ হব পাৰে
উপাখ্যানৰ
প্ৰাচীন স্ৰষ্টা সকলে এটা শব্দৰ
অনুসন্ধান কৰিছিল বুজাবলৈ
যে, যি হেৰাই
যায় সি চিৰকালৰ কাৰণেই হেৰায়,
আৰু তেওঁলোকে
শব্দটো কেতিয়াও বিচাৰি পোৱা নাছিল ৷
গতিকে
, আমি যৰ পৰা আহিছিলোঁ
সেই উপত্যকাৰ চৰিত্ৰ অনুসৰি,
তেওঁলোকে তেওঁলোকৰ শোকৰ নাম এটি দিছিল
আৰু মহাসাগৰৰ গভীৰত তাক ডুবাই দিছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *