অসমীয়া অনুবাদ কবিতাঃ মোৰ আয়ে জানে

মূলঃ মেৰি মা জানতি হে, টাৰু
চিন্দিক
অনুবাদঃ ডঃ চুচেংফা গগৈ, অধ্যাপক,
নৰ্থ লখিমপুৰ কলেজ (স্বাঃ)
মোৰ আই
যদিও শব্দৰ সমূখত অন্ধ হৈ পৰে
কিন্তু সেই কলা আখৰবোৰৰ
মাজৰ
লুকাই থকা উজ্জ্বল অনাগত দিনবোৰৰ
উমান
মোৰ আয়ে জানে
মোৰ আই
বৈধব্যৰ মিছিলৰ সেইটো অংশ
সমস্ত সংসাৰ যাৰ বাবে
দ্বাৰবিহীন এক স্বতন্ত্ৰ কলাপানী
কিন্তু ভিৰৰ পৰা আঁ‌তৰি চলিবলৈও
মোৰ আয়ে জানে
টাৰু চিন্দিক

মোৰ আই
সন্তানৰ সূক্ষ্ম আঘাতত বিচলিত হয়
কিন্তু পৰম্পৰাৰ সেই সকলো
ৰণাঙ্গনত
অস্ত্ৰ-শস্ত্ৰৰ ফচল গঢ়িবও
মোৰ আয়ে জানে
মোৰ আই
ফুল হৈও এতিয়া শিল।
কোমলতাৰ বাবে তেওঁ‌ জীৱনযোৰা বন্দীত্বৰ
শাস্তি পাইও
ফুল আৰু শিলৰ মাজত থকা ইতিহাসো
মোৰ আয়ে জানে
মোৰ আই
সেইখন চিলা যাৰ শিপা ছিগি গ
কিন্তু আইৰ পৰা দেউতা হোৱাৰ কৌশলো
মোৰ আয়ে জানে
মোৰ আই
সভ্যতাৰ চৰম উৎকৰ্ষৰ যুগত থাকিও
কিতাপৰ পৃথিৱীখনৰ বাবে অচিনাকী
কিন্তু জীৱন কেনেকৈ পঢ়িব লাগে
মোৰ আইয়ে জানে
(মূল কবিজনৰ বিষয়েঃ টাৰু চিন্দিক
অৰুণাচলৰ এজন কবি। তেওঁ ঘাইকৈ হিন্দী ভাষাত লিখা-মেলা কৰে। ২০১৭ চনত তেওঁ
Akshro ki vinti
শীৰ্ষক কাব্য গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী যুৱ বঁটা লাভ কৰিছিল।
উত্তৰ-পূব ভাৰতৰ পৰা হিন্দী ভাষাত সাহিত্য চৰ্চা কৰি সাহিত্য অকাডেমী পুৰষ্কাৰ লাভ
কৰা টাৰু চিদ্দিক প্ৰথমজন সাহিত্যিক। তদুপৰি য়েছে দৰজে থংচিৰ পাছতেই অৰুণাচলৰ পৰা
অকাডেমী পুৰষ্কাৰ লাভ কৰা তেওঁ দ্বিতীয়জন সাহিত্যিক।)

Leave a Reply

Your email address will not be published. Required fields are marked *